Breaking News

শ্বহীদ কুশল কোঁৱৰ হাইস্কুলত সতী সাধনী দিৱসৰ লাইখুঁটা স্থাপন

ধনশিৰি, ৪ এপ্ৰিলঃ ধনশিৰি মহকুমাৰ চুকীয়াপথাৰৰ শ্বহীদ কুশল কোঁৱৰ হাইস্কুল প্ৰাঙ্গনত আগন্তুক ৭ বহাগত অনুষ্ঠিত হ'বলগীয়া সাধনী দিৱসৰ আজি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে লাইখুটা স্থাপন কৰা হয়। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া, স্থানীয় ৰাইজ আৰু কুশল কোঁৱৰ হাইস্কুলৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভদ্ৰেশ্বৰ বৰাই গায়ন-বায়ন আৰু আইসকলে দিয়া উৰুলি-ধ্বনিৰ মাজতে স্থাপন কৰে লাইখুটা। দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা সতী সাধনীক স্মৰণ কৰাৰ মানসেৰে ধনশিৰি চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তথা সৰুপথাৰ অঞ্চলৰ চুকীয়া পথাৰ আৰু গন্ধকৰৈ গাঁৱৰ ৰাইজৰ সহযোগত শ্বহীদ কোশল কোঁৱৰ হাইস্কুল খেলপথাৰ এদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই সাধনী দিৱসৰ দিনটোত সকলো ৰাইজৰে সহায়-সহযোগিতা আৰু দিহা-পৰামৰ্শ ধনশিৰি চুতীয়া ছাত্ৰ সন্থাই কামনা কৰিছে ৷

No comments