উৰিয়ামঘাটত ৩৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি
ধনশিৰি, ৪ এপ্ৰিলঃ ঐতিহ্যমণ্ডিত ৩৩ সংখ্যক উৰিয়ামঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনখনি অহা ৭ আৰু ৮ বহাগ (ইংৰাজী মাহৰ ২১ আৰু ২২ এপ্ৰিলত) দুদিনীয়া কাৰ্যসূচীৰে উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগনত উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। এই সন্মিলনখনি সফলভাবে আয়োজন কৰিবলৈ ১ এপ্ৰিল তাৰিখে উৰিয়ামঘাটৰ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । এই সভাতেই হেমন্ত বৰাক সভাপতি, ভৰত চুতীয়াক কাৰ্যকৰী সভাপতি, ৰোহিনী গগৈক মুখ্য সম্পাদক, পূৰ্ণ প্ৰতিম বৰ চুতীয়া আৰু দীপাংকৰ বৰাক যুটীয়া সম্পাদকৰ লগতে বহুকেইখন উপসমিতি গঠন কৰি এখন পূৰ্ণাংগ উদযাপন সমিতি গঠন কৰা হয় । অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি হেমন্ত বৰাই এই সভাতেই সকলো বিহুপ্ৰেমী ৰাইজকে বিহু সন্মিলনখনিত সহায়-সহযোগিতা, দিহা-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। উৰিয়ামঘাটৰ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা বিহু সন্মিলনখনিত হুচৰি, বৰ বিহুৱতী, সৰু বিহুৱতী, জেং বিহু, সৰু বিহুৱা, কুইজ, মৌ-কুঁৱৰী, ৰচনা আৰু চিত্ৰাংকন আদি বহু কেইটা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অন্তিম দিনা নিশালৈ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ৰিদিপ ৰংকিতে গীত পৰিৱেশন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।

No comments