Breaking News

পঞ্চম ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ ভলীবল খেলত সোণৰ পদক লাভ অসম দলৰঃ পদক লাভ কৰিলে লাহৰিঘাটৰ খেলুৱৈ ইফতিকাৰ হুছেইনে

লাহৰিঘাট, ২৮ মাৰ্চঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ খেলুৱৈ। যোৱা ২৭ তাৰিখে দিল্লীত অনুষ্ঠিত 5th national sports federation of India ভলীবল খেলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে সোনৰ পদক জয় কৰিবলৈ সক্ষম হয় অসম দলে।  তীব্ৰ প্ৰতিদ্বন্দিতামূলক ফাইনেল খেলখনত অসম দলে শক্তিশালী  হাৰিয়ানা দলক ২৫-২২ ৰ ব্যৱধানত হৰুৱাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে অসম দলে ছেমি ফাইনেলত ৰাজস্থান দলক পৰাজিত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছিল। হাই ভল্টেজ মেছখনত মেন অৱ দা মেছ খিতাপ লাভ কৰে অসম দলৰ অধিনায়ক আবুবাক্কাৰ চিদ্দিকে। উল্লেখ্য যে, ফাইনেল খেলত সুন্দৰ প্ৰদৰ্শন কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয় লাহৰিঘাটৰ উদিয়মান খেলুৱৈ ইফতিকাৰ হুছেইনে । উদীয়মান খেলুৱৈ  ইফতিকাৰৰ এনে সাফল্যত উৎসাহিত হৈ পৰিছে সমৰ্থক তথা স্থানীয় ৰাইজ। উক্ত অসম দলত লাহৰিঘাটৰ ইফতিকাৰ হুছেইনৰ লগতে মৰিগাঁও জিলাৰ আন তিনিগৰাকী খেলুৱৈ ক্ৰমে আবুবাক্কাৰ চিদ্দিক, ৰছিদুল হক আৰু ছাহিম আহমেদৰ লগতে অসমৰ মুঠ ৮গৰাকী সদস্যই  অংশ গ্ৰহণ কৰিছিল। অহা ১ এপ্ৰিল তাৰিখে গুৱাহাটীত উপস্থিত হ'ব বিজয়ী দলটোৱে।

No comments