Breaking News

বৰপথাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ লাইটাৰৰ ভিতৰত চিৰিঞ্জেৰে ভৰাই যোগান ধৰি আহিছিল হেৰ'ইন

🔶 বৰপথাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

🔶 গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী আৰু কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীৰ যৌথ অভিযানত আটক ড্ৰাগছ সৰবৰাহকাৰীটো

🔶 মঙ্গলবাৰে বোকাজানৰ তলবালিজানৰ পৰা আৰক্ষীয়ে  আটক কৰিছে ডিম্বেশ্বৰ পাটোৱাৰী ওৰফে টিচকু ওৰফে বিহাৰী খুৰাক

🔶 বৰপথাৰ থানাত ৰুজু হৈ থকা 11/2022  U/S 22B/27 গোচৰৰ  সৈতে মূল অভিযুক্ত আছিল ড্ৰাগছ সৰবৰাহকাৰীটো 

🔶 দীৰ্ঘদিনৰ পৰা বিভিন্ন ঠাইলৈ  নিষিদ্ধ  ড্ৰাগছ যোগান ধৰি আহিছিল আটকাধীন ডিম্বেশ্বৰে

🔶 ২৬ মাৰ্চত বৰপথাৰ আৰক্ষীয়ে আটক কৰা চাৰি ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰুক্তিৰ ভিত্তিত আটক কৰা হৈছে ড্ৰাগছ যোগানকাৰীটোক 

🔶 নিতৌ ন ন কৌশল অৱলম্বন কৰা দেখা গৈছে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা

🔶 এইবাৰ ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহৃত কৰিছিল লাইটাৰ

🔶 লাইটাৰৰ ভিতৰত চিৰিঞ্জেৰে  হেৰ'ইন ভৰাই যোগান ধৰি আহিছিল নিষিদ্ধ সামগ্ৰী

🔶 আৰক্ষীয়ে  হেৰ'ইনসহ দুটা প্লাষ্টিকৰ কণ্টেইনাৰ,  ৪৩ টা ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহৃত প্লাষ্টিকৰ টেমা, ১৬০ টা লাইটাৰ আৰু এটা চিৰিঞ্জ জব্দ কৰিছে ডিম্বেশ্বৰ পাটোৱাৰীৰ ঘৰৰ পৰা



No comments