Breaking News

শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উদযাপন

শিৱসাগৰ, ১৭ মাৰ্চঃ শিৱসাগৰ স্বাস্থ্য খণ্ডত আজি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস। স্বাস্থ্যৰ বাবে প্ৰতিষেধকৰ প্ৰয়োজনীয়তা সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ স্বাৰ্থত প্ৰতিবছৰৰ দৰে এইবাৰো ১৬ মাৰ্চৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস হিচাপে উদযাপন কৰা হয় । ১৯৯৫ চনৰ ১৬ মাৰ্চ তাৰিখে দেশত প্ৰথমবাৰৰ বাবে শিশুসকলক পলিঅ' ৰোগৰ প্ৰতিষেধক সেৱনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল । তেতিয়াৰ পৰাই এই দিনটো ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস হিচাপে পালন কৰি অহা হৈছে । আনহাতে ক'ভিড পৰিস্থিতিত মানুহৰ জীৱনৰ বাবে প্ৰতিষেধকৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে দেশজুৰি উদযাপিত হৈ থকা 'আজাদী কী অমৃত মহোৎসৱ'ৰ অংশ হিচাপে এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উদযাপন কৰা হয় । আজি শিৱসাগৰ চহৰস্থিত জয়দয়াল খেমকা মাতৃ সেৱা সদন চৌহদত উদযাপিত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচীত সদ্য সমাপ্ত পালচ্ পলিঅ' অভিযানত বিশেষ কৰ্মদক্ষতা প্ৰদৰ্শন কৰা দুগৰাকী আশা আৰু এগৰাকী এএনএমক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰিব ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । আজি শিৱসাগৰ আহি পোৱা প্ৰতিষেধকসমূহ কাইলৈৰ পৰা বিদ্যালয়ে বিদ্যালয়ে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে ।

No comments