সাংস্কৃতিক গোষ্ঠী লাইট কেমেৰা এক্সন, জনপ্ৰিয় ইউটিউব চেনেল ধ্বনি মিউজিকৰ বেনাৰত মুক্তি লাভ কৰিব চুটি ছবি "বহাগী" ( দ্বিতীয়) ২০২২
শিৱসাগৰ, ১৭ মাৰ্চঃ ২০২১ বৰ্ষত মুক্তি লাভ কৰা বহাগী(প্ৰথম)ৰ জনপ্ৰিয়তাৰ পাছত এক অগতানুগতিক হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মাণ হৈছে বহাগী ( দ্বিতীয় ) । অভিনয়ত আছে জনপ্ৰিয় অভিনেতা অনুৰাগ বিতোপন, হেমা মহন, আকিবুজ জামান, বিচিত্ৰ নাৰায়ণ, চুমি কলিতা দাস, চিন্ময়ী কোৱঁৰ, বিপ্লৱ গগৈ, অদিতি গগৈ, জেচমি বৰা, মুনমী ফুকন, গায়েত্ৰী নেওঁগ, লাকী গগৈ, মণিষা দাস, বিমান দাস, বুতু আহমেদ, গীতালি দত্ত ফুকন, চুৰেন মালা, গুনাৰাম গগৈ। শিশু শিল্পী ক্ৰমে টিয়ানা কলিতা, ইমন নেওঁগ, কৃষ্টি শৰ্মা, প্ৰীতম কুমাৰ গগৈ, সৌৰভ গগৈ, আৰাধ্যা গগৈ, সুভাষীস গগৈ, অনন্যা গগৈ আৰু আস্হাজিতা দাস। ৰূপসজ্জাত আছে ৰিমি গগৈ, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে মুকন্দ মাধৱে। আৱহ সংগীত আৰু পুনঃশব্দগ্ৰহণ কৰিছে সৌৰভ বৰুৱাই (ষ্টুডিঅ' ৰিডম পাৰ্ক , শিৱসাগৰ)। ৰাজিবুৰ ৰহমানে প্ৰযোজনা নিয়ন্ত্ৰণ কৰা চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰিছে আক্ৰামে । অহা ৩১ মাৰ্চৰ সন্ধিয়া ৬ বজাত, চুটি ছবিখন ধ্বনি মিউজিক ইউটিউব চেনেলত উপলব্ধ হ'ব বুলি পৰিচালক আক্ৰামে জানিব দিয়ে।
No comments