ধনঞ্জয় জুনিয়ৰ ক্ৰিকেট ক্লাৱৰ উদ্যোগত প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
শিৱসাগৰ, ৫ মাৰ্চঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৃহত্তৰ চিন্তামনিগড়ৰ ধনঞ্জয় জুনিয়ৰ ক্ৰিকেট ক্লাৱৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা শুভাৰম্ভ হয় । বিভিন্ন ঠাইৰ ক্ৰিকেট ক্লাবে অংশগ্ৰহণ কৰা এই ক্ৰীড়া প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে। ক্লাৱৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে খেলৰ আৰম্ভণী অনুষ্ঠান হোৱাৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিত আৰু ক্ৰীড়া দলৰ সহযোগিতাই খেলসমুহ বেছ উপভোগ্য হৈ উঠিব বুলি উদ্যোক্তাই আশা প্ৰকাশ কৰে।
No comments