Breaking News

লাংহিনত এবছুৰ ৫৪ সংখ্যক কেন্দ্রীয় অধিবেশনৰ সামৰণিঃ বড়োচুক্তিৰ সকলো দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা হ'ব- মুখ্যমন্ত্রী

বোকাজান, ৫ মার্চঃ যোৱা তিনি মাৰ্চৰ পৰা কাৰ্বি আংলং জিলাৰ লাংহিন হাজোৱাৰী পথাৰত চলি থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৪ সংখ্যক কেন্দ্রীয় অধিবেশনৰ আজি সফল সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অধিৱেশনত অংশগ্ৰহণ কৰা সংগঠনটোৰ প্রতিনিধিসকলৰ উপস্থিতিৰ লগতে বিভিন্ন কাৰ্যসূচীৰে উৎসৱমুখৰ হৈ থকা হাজোৱাৰী পথাৰ ক্ষেত্ৰ কাৰ্যত আজি অধিৱেশনৰ সামৰণিৰ লগে লগে নিজম পৰিল। দীঘলীয়া প্রস্তুতিৰে আয়োজকসকলে লাংহিনত আয়োজন কৰা অধিৱেশনৰ বিগত দুটা দিনৰ কাৰ্যসূচীত অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অসমৰ শিক্ষাক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় সম্পর্কে আলোচনা আগবঢ়ায়। বিগত দুয়োটা দিন ধৰি লাংহিনৰ অধিৱেশন বাকৰিত বাৰেৰহণীয়া কাৰ্যসূচীৰে বিস্তৃতভাবে সংগঠনটোৰ অধিৱেশনৰ অন্তত আজি বিয়লি মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সভাখনত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা অনুভৱ প্ৰকাশ কৰি আজিৰ এই অধিৱেশনত উপস্থিত থাকি গভীৰ সন্তুষ্টি প্রকাশ কৰে।সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণৰ বাবে আগবাঢ়ি যোৱা হ'ব বুলি মন্তব্য কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰ'নাৰ বাধা-নিষেধৰ পৰিপ্ৰেক্ষিতত সুদীর্ঘ দিন ধৰি এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাত বাধাৰ সৃষ্টি হৈ আহিছিল যদিও আজিৰ অধিৱেশনত উপস্থিত থাকিবলৈ পাই বিশেষভাৱে আনন্দ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে। লগতে, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই গোটেই সমাজখনক সামৰি মত বিনিময়ৰ সুযোগ প্রদান কৰি অহা বুলি কয়। জনাকীর্ণ সভাখনত লগতে মন্ত্রী ইউ জি ব্ৰহ্ম, বি টি আৰৰ মুৰব্বী প্রমোদ বড়ো, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিশিষ্ট শিক্ষাবিদ হিতেশ ডেকা, বড়ো অগ্ৰণী সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে। উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্রতিনিধি সভাত বড়ো জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক আদি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।




No comments