ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপ্ত আৰক্ষী বিষয়া বাবুল আলীৰ মৃত্যুঃ কলিয়াবৰত জানাজা সম্পন্ন
কলিয়াবৰ, ৩১ মাৰ্চঃ কলিয়াবৰৰ সু-সন্তান, ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা প্ৰাপক আৰক্ষী বিষয়া বাবুল আলীৰ দেহাবসান ঘটে। মধুমেহ ৰোগত আক্ৰান্ত বাবুল আলী গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কালি ইহলীলা সম্বৰণ কৰে। ১৯৮৩ চনত অসম আৰক্ষীত কনিষ্ঠবল পদত যোগদান কৰি নিজৰ কৰ্মদক্ষতাৰ ফলত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক পদ লাভ কৰিবলৈ সক্ষম হৈছিল বাবুল আলী। ১৯৯৪ চনত নগাওঁৰ পলাশনীত আলফাৰ এক এম্বুশ্বত নিজে গুলিত আহত হৈও নগাঁওৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল বাবুল আলী। এই কাৰ্যৰ বাবে ১৯৯৭ চনত সাহসিকতাৰ ৰাষ্ট্ৰপতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল বাবুল আলী। অসম আৰক্ষীৰ নগাওঁ জিলাৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক হিচাবে কৰ্মৰত বাবুল আলীৰ মৃত্যুত অসম আৰক্ষীয়ে এগৰাকী সাহসী বিষয়াক হেৰুৱালে । ৫৬ বছৰত ইহলীলা সম্বৰণ কৰা বাবুল আলীয়ে সংসাৰত পত্নী, দুজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায় । আজি আৰক্ষী বিষয়াগৰাকীৰ জন্ম গাওঁ কলিয়াবৰত জানাজা সম্পন্ন কৰা হয় ।বাবুল আলীৰ মৃত্যুত সমগ্ৰ কলিয়াবৰতে শোকৰ ছাঁ পৰিছে ।
No comments