কলিয়াবৰৰ কোঠৰীত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত দণ্ডা নৃত্য প্ৰতিযোগিতা
কলিয়াবৰ, ৩১ মাৰ্চঃ কোঠৰী আঞ্চলিক চাহ জনজাতি উন্নয়ন সমিতিৰ সৌজন্যত আৰু ন-বস্তি প্ৰাথমিক গোটৰ সহযোগত ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠীৰ পৰম্পৰাগত দণ্ডা নৃত্য প্ৰতিযোগিতা সম্পন্ন হয়। ন-বস্তি লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা দাণ্ডা নৃত্য প্ৰতিযোগিতাত এশৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে। বৰ্ত্তমানৰ সমাজ ব্যৱস্থাৰ লগত খোজত খোজ মিলাই পৰম্পৰাগত অনুষ্ঠান ভাগি প্ৰতিযোগিতামূলকভাবে আয়োজন কৰা হৈছে যদিও এনে অনুষ্ঠানে চাহ জনজাতীয় লোকসকলৰ মাজত ভাতৃত্ববোধ বজাই ৰাখে বুলি পৰিচালনা সমিতিৰ কৰ্মকৰ্তাই অৱগত কৰিছে।
No comments