Breaking News

বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে চুতীয়া ছাত্ৰ সন্থাৰ বাৰ্তালাপ অনুষ্ঠান

ধনশিৰি, ২৬ ফেব্ৰুৱাৰীঃ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৰুপথাৰস্থিত সাধনী ভৱনত, চুতীয়া ছাত্ৰ সন্থা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হয় ।বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত চুতীয়া ছাত্ৰ সন্থাৰ সৈতে প্ৰথমখন সভাত অংশ গ্ৰহণ কৰে বিধায়ক বিশ্বজিৎ ফুকনে । অন্তৰংগ আলাপ অনুষ্ঠানত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিৰ লগতে আঞ্চলিক সমিতিসমূহে মহকুমাটোৰ বিভিন্ন সৰু-বৰ সমস্যাৰ ওপৰত উক্ত সভাত অলোচনা কৰে । ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰপৰা বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্ধনা জনোৱা হয় । উক্ত বাৰ্তালাপ অনুষ্ঠানৰ শেষত সমষ্টিটোৰ উন্নয়নৰ  বাবে ভৱিষ্যতে চুতীয়া ছাত্ৰ সন্থাৰ সহায় সহযোগিতা বিচাৰে বিধায়কগৰাকীয়ে ।




No comments