Breaking News

দিচাংমুখত আম্বেদকাৰৰ ১৩০ তম জন্মজয়ন্তী উপলক্ষে আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাঃ চৰাইদেউ এফচিৰ বিজয়ী খিতাপ অৰ্জন

শিৱসাগৰ, ২৬ ফেব্ৰুৱাৰীঃ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ, অসম সম্পদৰ উদ্যোগত আৰু দিচাংমুখ উপ-ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা দিচাংমুখ খেলপথাৰত ডঃ বি. আৰ. আম্বেদকাৰৰ ১৩০ তম্ জন্মজয়ন্তী উপলক্ষে আমন্ত্রণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাই।  তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ অসম সম্পদৰ উপাধ্যক্ষ ডেম্বিৰাম পাংগিং আৰু দিচাংমুখ উপ-ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ টায়েই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাই। উক্ত অনুষ্ঠানত ডঃ বি. আৰ. আম্বেদকাৰৰ প্ৰতিচ্ছবিত শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি আৰু সম্পাদক মনোজ ভাগৱতীৰ  লগতে ক্ৰীড়া সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াই বন্তি প্ৰজ্বলন কৰে। আদৰণি ভাষণ প্ৰদান কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ অসম সম্পদৰ সম্পাদক জগত হাজৰিকাই । প্ৰতিযোগিতাখনত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত চৰাইদেউ, ৰুদ্ৰসাগৰ, নাজিৰা, শিৱসাগৰ, দিচাংমুখ, লাকুৱা, গেলেকী আৰু পানীদিহিঙকে ধৰি ৮ টা ফুটবল দলে অংশগ্ৰহণ কৰিছে। আজিৰ উদ্বোধনী ফুটবল প্ৰতিযোগিতাখন চৰাইদেউ এফচি আৰু ৰুদ্ৰসাগৰ এফচিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰে অনুষ্ঠিত হয়। দ্বিতীয়াৰ্দ্ধত শংকৰ নাগবংশীৰ একমাত্ৰ গ’লৰে বিজয়ী হয় চৰাইদেউ এফ চিয়ে ৷ 

No comments