বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, প্ৰকৃতিপ্ৰেমী আব্দুল হেকিমৰ দেহাৱসানঃ মৃত্যুৰ সময়লৈকে নাপালে ৰজাঘৰৰ কোনো স্বীকৃতি
শিৱসাগৰ, ২৮ জানুৱাৰীঃ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মতিজান দা ওৰফে আব্দুল হেকিম আৰু নাই । নাইকিয়া হৈ পৰিল সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা ধ্ৰুৱতৰা । মৃত্যুৰ আগমুহূৰ্তলৈকে মতিজান দাই নাপালে ৰজাঘৰৰ কোনো স্বীকৃতি। শিৱসাগৰ জিলাৰ নামতিৰ বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক, অভিনেতা, প্ৰকৃতিপ্ৰেমী আব্দুল হেকিমে ৬০ বছৰে অভিনয় সাধনাত ব্ৰতী হৈ অৱশেষত যাত্ৰা কৰিলে অজান দেশলৈ । উকা হৈ পৰিল নাট্য জগত । কৈ বা লিখি শেষ কৰিব নোৱাৰা অৱদান আগবঢ়াই থৈ যোৱা নাট জগতত মতিজান দাই ।
ল'ৰালি কালৰ পৰাই অভিনয় বুলিলে উন্মনা হৈ পৰা এজন ব্যক্তি আব্দুল হেকিম। জাতিভেদ মনোভাৱ নথকা সহজ-সৰল অমায়িক স্বভাৱৰ এই আব্দুল হেকিমে নাটৰ ক্ষেত্ৰত কোনো দিন থমকি ৰোৱা নাছিল । নিজৰ দুচকীয়া চাইকেলখনৰ বাদে কোনো দিনে মটৰচাইকেল অথবা আন কোনো বাহনত উঠি ভাল নোপোৱা আব্দুল হেকিমে ৬০ বছৰ ধৰি নাট পৰিচালনা বা নাটকত অভিনয়ে বৃহত্তৰ নামতিবাসীৰ লগতে সমগ্ৰ জিলাখনতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাতেই অভিনয়ৰ লগত জড়িত হৈ পৰিছিল । তেখেত ১৯৭৯ চনত ঠানু বৰুৱা আৰু প্ৰয়াত পূৰ্ণানন্দ চেতিয়াৰ প্ৰযোজনাত মিলনজ্যোতি ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম দি বিভিন্ন নাটসমূহৰ অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল । এইসমূহৰ ভিতৰত মধুকৃষ্ণা, সহযাত্ৰী, সুৰুয, ডায়মণ্ড, অগমণি, কাৰেং, ভগীৰথী, পাৰিজাত, পঞ্চানন, গিৰিকলিতা আদি অন্যতম । আব্দুল হেকিমে কেৱল পৰিচালক তথা অভিনেতাই নাছিল । তেওঁ নাৰী তুমি অনন্য, নিয়তিৰ কোবাল ঢৌ, কোন পথে যাম, চিলা আদি একাংকিকা নাট ৰচনা কৰাৰ লগতে বিশ্বাসঘাটক, জীৱনযুদ্ধ, ভুলৰ সমাধি আদি পূৰ্ণাংগ নাটও তেওঁৰ হাতত ৰচনা হৈছিল । আনহাতে, সাহিত্য-সংস্কৃতি লগতে বিভিন্ন সামাজিক তথা ধর্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তিজনৰ নার্চাৰীখনৰ ভিন্ন প্রজাতিৰ ফুল আৰু ফলৰ গছবোৰে সকলোকে মুগ্ধ কৰে । উল্লেখ্য যে, যিটো সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিভিন্ন পেঞ্চন আঁচনিৰ জড়িয়তে ৰাইজক উপকৃত কৰিছে, তেনে সময়ত পত্নী আৰু একমাত্র পুত্র-বোৱাৰীৰ সৈতে জীৱন নির্বাহ কৰা ৮০ বছৰীয়া আব্দুল হেকিমে শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত হৈ ৰ'ল । এইগৰাকী স্বনামধন্য আব্দুল হেকিমে সকলোকে কন্দুৱাই ঢাপলি মেলিলে অজান দেশলৈ । জানাজাৰ প্ৰাকক্ষণত বহু দল সংগঠন,গুণমুগ্ধই আহি তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
No comments