শিৱসাগৰত ২৪ ঘন্টা বিনামূলীয়াকৈ অস্কিজেন যোগান ধৰাৰ আহ্বান বিশিষ্ট সমাজ ব্যৱসায়ী তথা সমাজ সেৱক দেবেশ্বৰ কোঁৱৰৰ
শিৱসাগৰ, ২৪ জানুৱাৰীঃ সম্প্ৰতি ক’ৰোনাই ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত অক্সিজেনৰ বাবেও হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।ইতিমধ্যে চলি থকা অমিক্ৰণৰ ঢৌৱে চানি ধৰিছে সমগ্ৰ বিশ্ব। এনে সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাৰ লাচিত নগৰৰ বৰ নামঘৰৰ উদ্যোগত দেবেশ্বেৰ কোৱঁৰে ২০১৭ চনৰ পৰা ২৪ ঘন্টীয়া ৰাইজক অক্সিজেনৰ চিলিণ্ডাৰৰ যোগান ধৰি সেৱা আগবঢ়াই আহিছে। বিশেষকৈ ক'ভিড মহামাৰীৰ সময়ত বহু লোক অক্সিজেনৰ অভাৱত মৃত্যু মুখত পৰিবলগীয়া অৱস্থাৰ সন্মুখীন হৈছে, তেনে সময়তো বহু লোকক বিনামূলীয়াকৈ অক্সিজেনৰ যোগান ধৰি আহিছে যদিও বৰ্তমান চলি সময়ত ক্ষুদ্ৰতম সহায়ৰ হাত আগবঢ়াই আনৰ জীৱন ৰক্ষা কৰিবলৈ পালে তাতকৈ আনন্দ একোৱে হ'ব নোৱাৰে বুলি অনুভৱ ব্যক্ত কৰাৰ লগতে কোনো লোকৰ অক্সিজেনৰ প্ৰয়োজনত অভাৱ বা নাটনি হ'লে ২৪ ঘন্টীয়াকৈ বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰৰ যোগান ধৰিব বুলি ৰাইজক আহ্বান জনাইছেঁ।
No comments