কলিয়াবৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মহকুমা প্ৰশাসনে
কলিয়াবৰ, ২৪ জানুৱাৰীঃ সমগ্ৰ ৰাজ্য তথা দেশৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনে কেন্দ্ৰীয়ভাবে কলিয়াবৰতো উদযাপন কৰিব দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস । কুঁৱৰীটোল গান্ধী পথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মহকুমা প্ৰশাসনে । চৰকাৰী নীতি-নিৰ্দেশনা অনুযায়ী মাত্ৰ দুশ লোকৰ উপস্থিতিত কেৱল পতাকা উত্তোলন , বিশিষ্ট অতিথিৰ ভাষণ আৰু কুচকাৱাজ প্ৰদৰ্শন কাৰ্যসূচীৰে সমাপন কৰা হ'ব এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী। এইবাৰ কুচকাৱাজত অংশগ্ৰহণ কৰিব নোৱাৰিব বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে , নাথাকিব কোনো সম্বৰ্ধনা-সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ।
No comments