কলিয়াবৰত অনুষ্ঠিত কলিয়াবৰ জিলা বৈদিক সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
কলিয়াবৰ, ২৯ জানুৱাৰীঃ অসম বৈদিক বৈষ্ণৱ সমাজৰ অন্তৰ্গত কলিয়াবৰ জিলা বৈদিক সমাজৰ ত্ৰয়োদশ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি শুক্ৰবাৰৰ পৰা তিনিদিনীয়াভাৱে অনুষ্ঠিত কৰা হৈছে । আজি অধিৱেশনৰ দ্বিতীয় দিন । শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বৰভোগীয়া আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত কঁহালগাওঁ হৰিমন্দিৰত অনুষ্ঠিত হৈছে অধিৱেশনভাগী । অধিৱেশনৰ দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণৰ পাছত নামঘৰত বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আৰু মহিলাৰ দিহানাম আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অন্যান্য বিশিষ্ট লোকৰ লগতে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে ।
No comments