বোকাখাতত মহিলাক বিত্ত টুলকিট প্ৰদান
বোকাখাত, ২৯ জানুৱাৰীঃ বোকাখাত উন্নয়ন খণ্ডৰ চৌহদত অৱস্থিত আৰচেটি গ্ৰাম্য প্ৰশিক্ষণ কেন্দ্রত আজি গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ ৩৪ গৰাকী মহিলাক বেংকৰ বিত্ত টুলকিট প্ৰদান কৰা হয়। ১৮-৪৫ বছৰৰ মহিলাসকলক ইতিমধ্যে পাঁচদিনীয়া প্ৰশিক্ষণ দিয়া হৈছে। ৩৪ গৰাকী মহিলাৰ সাতদিনীয়া গাহৰি পালন প্ৰশিক্ষণ চলি থকাৰ লগতে ২ফ্ৰেব্ৰুৱাৰীত এই প্ৰশিক্ষণৰ অন্ত পৰিব বুলি কেন্দ্র সঞ্চালক চিন্ময় জোতি গোহাঁইয়ে জানিবলৈ দিয়ে। কেন্দ্রত আজিৰ পৰ্যন্ত ৮৯টা দলক প্ৰশিক্ষণ দিয়া হৈছে।
আজি অনুষ্ঠিত টুলকিট বিতৰণ সভাত পঞ্জাৱ নেশ্যনেল বেংকৰ যোৰহাটস্থিত মহা প্ৰৱন্ধক দীপক কুমাৰ, বোকাখাত শাখাৰ শাখা প্ৰৱন্ধক আব্দুল ৰৌফ, সহকাৰী পৰিচালক সঞ্জীব বড়ো, এনআৰএলএম জিলা বিষয়া ৱাকিদ আলী চৌধুৰী, জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
No comments