এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হাওৰাঘাটত লংকাকাণ্ডৰ সূত্ৰপাতঃ এখন ট্ৰাক জ্বলাই ভস্মীভূতঃ এজন যুৱকৰ মৃত্যু
বোকাজান, ২২ ডিচেম্বৰঃ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰিত এক ভয়ংকৰ লংকাকাণ্ডৰ সূত্ৰপাত হয়। পথ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰা স্থানীয় লোকসকলে উগ্ৰৰূপ ধাৰণ কৰি এখন ট্ৰাক জ্বলাই ভস্মীভূত কৰাৰ বিপৰীতে কেইবাখনো বালি সৰবৰাহ কৰা ট্ৰাকত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে। ঘটনাৰ বিৱৰণ অনুসৰি, আজি চামগুৰিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত বিদ্যুৎ শৰ্মা (২১) নামৰ এজন যুৱক অতি গুৰুতৰভাৱে আহত হোৱাৰ পিছত পৰৱৰ্তী সময়ত নগাওঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয়। চামগুৰি চিতলমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত উক্ত দুৰ্ঘটনাটোত বালিভৰ্তি ট্ৰাকৰ খুন্দাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুৰ ঘটনাৰ পিছতেই চামগুৰি এলেকাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত জনতাই এখন বালিভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰি ট্ৰাকখন ভস্মীভূত কৰে। ইফালে, পথৰ দুৰৱস্থাৰ বাবে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হোৱাৰ ক্ষেত্ৰটো সমস্যাৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে উক্ত স্থানতে অন্য কেইবাখনো বালি কঢ়িয়াই অনা ট্ৰাকত আক্ৰমণ কৰি ট্ৰাককেইখন সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ কৰে। এলেকাটোত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিমিষতে চামগুৰিৰ বুধবৰীয়া সাপ্তাহিক বজাৰ বন্ধ হৈ পৰে। উত্তেজিত জনতাক ছত্ৰভংগ দিয়াৰ বাবে অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত একাংশ লোকে বাতৰি সংগ্ৰহৰ বাবে যোৱা একাংশ সাংবাদিককো বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে আক্ৰমণৰো চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।
No comments