হামৰেণত ধনদাবীৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ
বোকাজান, ২২ ডিচেম্বৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেণত ধনদাবীৰ অভিযোগত দুই যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কোনো সংগঠনৰ নাম নোলোৱাকৈ দুয়োগৰাকী যুৱকে হামৰেণৰ পিডব্লিউডি কলনিৰ কেইবাজনো লোকক ধনদাবী কৰি আহিছিল। যোৱানিশা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে ধন দাবী কৰা দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজন ক্ৰমে হামৰেণৰ লাংটুকথুপী গাওঁৰ নিবাসী খন তিমুং (৩২) আৰু আমবিনং নিবাসী জন তিচ' (২৪) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লগতে ধনদাবী কাৰ্যত ব্যৱহাৰ হোৱা এখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হৈছে। ভুক্তভোগীসকলৰ অভিযোগৰ ভিত্তিত হামৰেণ থানাত এই সন্দৰ্ভত ৩৫/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে।
No comments