Breaking News

চাৰিলেনযুক্ত পথৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে উছুকাৰ সংবাদমেলঃবিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে ছয় স্থানত ভূমি অধিগ্ৰহণৰ অভিযোগ

বোকাজান, ১৭ ডিচেম্বৰঃ সম্প্ৰতি যুদ্ধকালীন তৎপৰতাৰে চলি থকা ডবকা-ডিমাপুৰ সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেনযুক্ত কৰি পথছোৱা সম্প্ৰসাৰণ কৰাৰ সময়ত উক্ত পথৰ বাবে ভূমি অধিগ্ৰহণ কৰা লোকসকলে উপযুক্ত ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ 'উছুকা'ই আজি বকলীয়াঘাটত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে। 'উছুকা'ৰ সভাপতি-সম্পাদক ক্ৰমে বিবিচন টেৰণ আৰু জিণ্টু হাজৰিকাই আজি বকলীয়াঘাটস্থিত জলসিঞ্চন কাৰিকৰী বিভাগৰ পৰিদৰ্শন বাংলোত এক সংবাদমেলৰ আয়োজন কৰি ভূমি অধিগ্ৰহণ হোৱা লোকসকলক ভূমিৰ বিনিময়ত উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ প্ৰসংগ দৃষ্টিগোচৰ কৰাৰ বাবে সংগঠনটোৱে ইতিপূৰ্বে ভালেকেইখন স্মাৰকপত্ৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ পিছতো এই সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা কোনো ব্যৱস্থা কৰা নহ'ল বুলি সংগঠনটোৱে অভিযোগ কৰে। ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনো কাৰণতে দালালৰাজ চলিবলৈ দিয়া নহ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি অহাৰ সময়তে ফুলনি ৰাজহ চক্ৰৰ কাৰ্যালয়ত ব্যাপক হাৰত দালালৰাজ চলা বুলি সংগঠনটোৱে অভিযোগ কৰে। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে এলেকাটোত ব্যাপক দুৰ্নীতি আৰু দালালৰাজৰ পোহাৰ মেলা বুলি অভিযোগ কৰি 'উছুকা'ই ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে সংবাদমেলযোগে দাবী জনায়। আনহাতে, ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰতো ৰহস্যজনকভাৱে ভালেমান এলেকাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল, এছ কেৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তোলে। হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ নামতে এলেকাটোত ছয় স্থানত ভূমি অধিগ্ৰহণ হোৱা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সঠিক তদন্ত কৰাৰ বাবে সংগঠনটোৱে আহ্বান জনায়। পৰিষদৰ যুটীয়া সচিব টেনছিং ৰংপিৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ সংগঠনটোৱে বিষয়াগৰাকীক বিচাৰি গ'লেও কাৰ্যালয়ত লগ পোৱা নাযায় বুলি মন্তব্য কৰে। এই সমগ্ৰ কাণ্ডৰ বিৰুদ্ধে অহা পাঁচ দিনৰ ভিতৰত চিবিআইৰ তদন্ত ঘোষণা নকৰিলে আগন্তুক সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো আজিৰ সংবাদমেল যোগে হুংকাৰ দিয়ে সংগঠনটোৱে।




No comments