Breaking News

বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপনঃ বাৰ্ষিক মুখপত্ৰ "জাত-বল্লভ" শীৰ্ষক উন্মোচন

শিৱসাগৰ, ২২ নৱেম্বৰঃ আজি ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ প্ৰেছ ক্লাৱত অসমৰ জাতীয় জীৱনৰ এক অন্যতম বীৰ পুৰুষ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ স্মৃতিত বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসটিৰ উপলক্ষে "অসমৰ থলুৱা মুছলমানঃ আত্মপৰিচয়, সংমিশ্ৰণ আৰু ঐক্যবদ্ধ, সংগ্ৰাম" শীৰ্ষক বিষয়টিৰ ওপৰত এখন আলোচনা সভাৰো আয়োজন কৰা হয়। বাঘ হাজৰিকা জাগৰণ মঞ্চৰ ৰাজ‍্যিক সভাপতি ড০ পইনুৰুদ্দিন আহমেদে সঞ্চালন কৰা সভাখনিত বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ সঞ্জন আলি হাজৰিকাই উদ্বোধন কৰে আৰু নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা লেখক আব্দুল মান্নান আৰু বিশিষ্ট প্ৰগতিশীল লেখক মুকুট শৰ্মা। বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা মুখপত্ৰ "জাত-বল্লভ"ৰ উন্মোচন কৰে বিশিষ্ট ইতিহাস চৰ্চাকাৰী জীতেন বৰপাত্ৰগোঁহাইয়ে। উদযাপন কৰা বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিত কেইবাখনো জিলাৰ বিশিষ্ট গণ্যমাণ্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠব বৃদ্ধি কৰে।

No comments