Breaking News

শিৱসাগৰ আৰক্ষীৰ অভিযানত বিলাতী সুৰাসহ আটক এজন সৰবৰাহকাৰী

শিৱসাগৰ, ২২ নৱেম্বৰঃ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে শিৱসাগৰ আৰক্ষী প্ৰশাসন। এটাৰ পাছত আন এটাকৈ অবৈধ সুৰা ব্যৱসায়ীক আটক। কালি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা এক অভিযানত সুৰা ব্যৱসায়ী বাবলু ৰাৱটক আটক কৰা হয়। শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে বাবলু ৰাৱটক । উত্থাপিত অভিযোগ আৰু আৰক্ষীৰ বিশেষ গোপন সূত্ৰৰ পম খেদি, ই-ৰিক্সাত আনি থকা মুহূৰ্তত নিশা নগৰৰ মাজমজিয়াৰ পৰা আৰক্ষীয়ে তালাচী চলাই  চাৰিটাকৈ অবৈধ বিলাতী সুৰা ভৰ্ত্তি কাৰ্টুন জব্দ কৰে শিৱসাগৰ আৰক্ষী প্ৰশাসনে। আনহাতে, আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে অবৈধ বিলাতী সুৰা ভৰ্তি কাটুনসহ আটক কৰা বাবলু ৰাৱটৰ বিৰুদ্ধে। আৰক্ষী সুত্ৰে জানিব পৰা মতে, আটক কৰা বাবলু ৰাৱটৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।




No comments