Breaking News

কৃষক নেতা গোবিন্দ সিনহাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা

বোকাজান, ২০ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ বহু বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত সুদীৰ্ঘ দিন ধৰি কৃষক আন্দোলন অব্যাহত থকাৰ পিছত অৱশেষত চৰকাৰে আইন কেইখন বাতিল কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগে লগে উক্ত কৃষি আইন বিৰোধী আন্দোলনৰ অংশীদাৰ অসমৰ দল-সংগঠনসমূহৰ মাজতো আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা বিশিষ্ট কৃষক নেতা বোকাজানৰ হলৌখোৱা নিবাসী তথা নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক গোবিন্দ সিনহাক সম্বৰ্ধনা জনোৱা হয়। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সদস্য আকাশ দাউৰ নেতৃত্বত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা দল কৃষক নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি কৃষক নেতাগৰাকীয়ে কৃষক বিৰোধী আইন বাতিল কৰাৰ সিদ্ধান্তৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে সদনৰ মজিয়াত অতি শীঘ্ৰে ইয়াক কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায়।



No comments