ডিফুত বিজেপি যুৱ মৰ্চা-হায়াত হাস্পাতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
বোকাজান, ২০ নৱেম্বৰঃ- পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ কাৰ্বি আংলং জিলা সমিতি আৰু গুৱাহাটীৰ প্ৰসিদ্ধ হায়াত হাস্পাতালৰ যৌথ উদ্যোগত শনিবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন হৈ যায় ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ পৰামৰ্শ মতে বিজেপিৰ যুৱ মৰ্চাই শনিবাৰে ডিফু ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি বিদ্যাচিং ইংতিয়ে আজি দিনজোৰা কাৰ্যসূচীৰে হায়াত হাস্পাতালৰ বিশেষজ্ঞ চিকিৎসক দলৰ সহযোগত ডিফু ক্লাৱত স্থানীয় ৰাইজৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মুঠ দুশ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লক্ষ্যলৈ এই শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু উক্ত শিবিৰত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ আনহাতে হায়াত হাস্পাতালৰ সহকাৰী পৰিচালক পদুম গায়নে সাংবাদিকৰ আগত কয় যে, বিজেপিৰ যুৱ মৰ্চাৰ সহযোগত ডিফুত কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হৈছে। আনহাতে, হায়াত হাস্পাতালৰ হৃদৰোগ বিভাগ, বহুমূত্ৰ ৰোগ বিভাগ আৰু মূত্ৰৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ আজিৰ বিনামূলীয়া স্বাস্থ্য শিবিৰত ক্ৰমে, বহুমূত্ৰৰোগ বিশেষজ্ঞ ডাঃ নাছিমুৰ ৰিয়াজ, হৃদৰোগ বিশেষজ্ঞ ডাঃ তীৰ্থাঙ্কৰ ৰয় আৰু মূত্ৰৰোগ বিশেষজ্ঞ ডাঃ টিকেনজিত মজুমদাৰৰ লগতে হায়াত হাস্পাতালৰ পৰিচালক বৈশিষ্ট শইকীয়া আৰু সহকাৰী পৰিচালক পদুম গায়নে অংশগ্ৰহণ কৰে ৷ স্বাস্থ্য শিবিৰত অংশগ্ৰহণকাৰী সকলে বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্বি আংলং জিলা সমিতি আৰু হায়াত হাস্পাতাল কৰ্তৃপক্ষক এনে কাৰ্যসূচীৰ বাবে উচ্চ প্ৰসংসা কৰে ৷
No comments