বকলীয়াঘাটত পথ দুৰ্ঘটনাত দুই যুৱক আহত
বোকাজান, ১৯ নৱেম্বৰঃ- আজি সন্ধিয়া উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত কাৰ্ককত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন যুৱক অতি গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত ডকমকাৰ পৰা লংনিটৰ দিশে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত যুৱক দুজনক কোনো অচিনাক্ত বাহনে খুন্দিয়াই উক্ত স্থানৰ পৰা পলাই যায়। স্থানীয় লোকে দুয়োজন যুৱককে তৎপৰতাৰে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও গুৰুতৰভাৱে আহত দুয়োজন যুৱককে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত যুৱক দুজন লংনিটৰ ৰূপছিং টেৰণ আৰু চাৰমন ৰংপি বুলি চিনাক্ত কৰা হৈছে।
No comments