সৰ্বভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল দললৈ কাৰ্বি আংলঙৰ চাৰি মহিলা খেলুৱৈ নিৰ্বাচিত
বোকাজান, ১৯ নৱেম্বৰঃ- ক্ৰীড়াৰ ক্ষেত্ৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ ৷ শুক্ৰবাৰে মৰিগাওঁ জিলাৰ ভুৰবন্ধা খেলপথাৰত ২৪ সংখ্যক সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পীয়নশ্বীপত কাৰ্বি আংলং দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ পিছত জিলাখনৰ মহিলা ফুটবল দলৰ চাৰিগৰাকী খেলুৱৈ সৰ্বভাৰতীয় চেম্পীয়নশ্বীপৰ বাবে ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হোৱাৰ খবৰে কাৰ্বি আংলঙৰ ক্ৰীড়াৰ জগতখনত নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ উল্লেখ্য যে, সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পীয়নশ্বীপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ছৈনজিলা কেম্প্ৰাই, ছোনিয়া মাৰাক, লিৰবন টিচ'পী আৰু মেঘাস্মিতা ক্ৰ'পীক কেৰেলাত অনুষ্ঠিত হবলগীয়া সৰ্বভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল চেম্পীয়নশ্বীপৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ উল্লেখ্য যে, খেলুৱৈ চাৰিগৰাকী ২২ নৱেম্বৰত কেৰেলালৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷
No comments