বোকাজানত হেৰইনসহ এজন গ্ৰেপ্তাৰ
বোকাজান, ৩ অক্টোবৰঃ কাৰ্বি আংলং জিলাৰ বোকাজানত আজি পুৱাই আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ'ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা প্ৰায় আঠ বজাত বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বোকাজানৰ নিজৰাপাৰত ড্ৰাগছৰ সন্ধানত অভিযান চলায়। উক্ত অভিযানত আৰক্ষীৰ দলটোৱে নিজৰাপাৰ নিবাসী হবিবুৰ ৰহমান (৩৫) যুৱকজনৰ জিম্মাৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১২.৫৩ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰকো আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে।
No comments