বোকাজানত চুৰি পাম্পছেটসহ চোৰ গ্ৰেপ্তাৰ
বোকাজান, ৩ অক্টোবৰঃ আজি নিচেই পুৱাৰ ভাগতে বোকাজান আৰক্ষীয়ে এটা চোৰ আটক কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, আজি নিচেই পুৱাৰ ভাগত বোকাজান আৰক্ষীয়ে বোকাজান বিলাতী মাটিৰ কাৰখানাৰ প্ৰৱেশ দ্বাৰত এজন লোকক তালাচী চলোৱাত লোকজনৰ জিম্মাৰ পৰা এটা পাম্পছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত চলোৱা অনুসন্ধানত উক্ত পাম্পছেটটো সৰিয়হজানস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰা চুৰি কৰি অনা বুলি আৰক্ষী নিশ্চিত হয়। ধৃত চোৰটো বোকাজান কঠাঁলগুৰিৰ ৰাহুল লাগুন (১৯) বুলি চিনাক্ত কৰা হয়। বোকাজান থানাত এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।
No comments