ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰীসকলক লৈ আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান
ডিফু, ৮ ছেপ্তেম্বৰঃ নতুন দিল্লীত শান্তি চুক্তিত স্বাক্ষৰকাৰী ছয় অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠন ক্ৰমে কেএনএলএফ, ইউপিএলএ, পিডিচিকে আৰু কেপিএলটিৰ তিনিটা গোটৰ নেতৃবৰ্গক আজি ডিফুত আনুষ্ঠানিকভাৱে জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজনেৰে উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷
আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ভালে সংখ্যক লোকৰ কৰ ধ্বনিৰে সম্বৰ্ধনা গ্ৰহণ কৰা চুক্তি স্বাক্ষৰকাৰীসকলে প্ৰদান কৰা চমু ভাষণত সংগঠনসমূহৰ নেতৃবৰ্গই স্বাক্ষৰিত চুক্তিৰ জৰিয়তে জিলাখনত সুদূৰপ্ৰসাৰী উন্নয়নৰ বাট প্ৰশস্থ হ'ব বুলি উল্লেখ কৰে ৷ আজিৰ সভাত প্ৰাক্তন সাংসদ বিৰেণ ছিং ইংতিৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙো উপস্থিত থাকে ৷ সম্বৰ্ধনা সভাত অংশ গ্ৰহণ কৰি কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিনৰে পৰা জিলাখনত উগ্ৰপন্থী সমস্যা সমাধান হোৱাৰ লগতে কোনো সংঘাত নোহোৱাকৈ বিভিন্ন জাতি-জনগোষ্ঠীয়ে শান্তিৰে বসবাস কৰি আহিছে বুলি মন্তব্য কৰে ৷
লগতে উক্ত চুক্তিৰ জৰিয়তে কাৰ্বি আংলং জিলাই লাভ কৰা ১৬ খন কেন্দ্ৰীয় আঁচনি আৰু ২১ খন অসম চৰকাৰৰ নতুন আঁচনিৰ কথা বাখ্যা কৰে ৷ পৰিষদৰ ৩৪ খন আসন জনজাতীয় লোকৰ বাবে সংৰক্ষণ কৰি পোন প্ৰথমবাৰৰ বাবে এক ইতিহাস ৰচনা কৰা বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে মন্তব্য কৰে ৷ কাৰ্বি আংলঙত এতিয়া শান্তি প্ৰতিষ্ঠা হ'ব বুলি মন্তব্য কৰি আৰু শান্তি হ'লেই চুক্তিৰ সকলো দফা ৰূপায়ণ কৰা সম্ভৱ হ'ব বুলি মন্তব্য কৰে ৰংহাঙে ৷




No comments