ডিফুত পলাতক আছামী সন্তোষ সিঙক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ
ডিফু, ১০ ছেপ্তেম্বৰঃ এনডিএছ গোচৰত অভিযুক্ত পলাতক আছামী সন্তোষ সিঙক শুক্ৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত সংগী-ষ্টাফসহ এক গোপন সূত্ৰৰ ভিত্তিত ডিফুৰ মাটিপুং তিনিআলিত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক আছামীটোক ৷ উল্লেখযোগ্য যে, যোৱা ১৩ জুনত ডিফুৰ মাটিপুঙৰ নিজৰ ভাড়াঘৰত নিচাযুক্ত কেপচুল ছিমপেক্স ৰখাৰ অপৰাধত ডিফু থানাত ১৪২/২০২১ নম্বৰত এনডিপিএছ আইনত এক গোছৰ ৰুজো কৰি আৰক্ষীয়ে মৃত দামোদৰ সিঙৰ পুত্ৰ সন্তোষ সিঙক গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত যোৱা ২৪ জুনত সন্তোষ সিং ডিফু ক'ভিড হাস্পাতালৰ পৰা পলায়ন কৰিছিল ৷ তেতিয়াৰ পৰাই আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল যদিও সন্তোষ সিং পুনৰ গ্ৰেপ্তাৰ হোৱাকলৈ স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীয়ে ৷ উক্ত আছামীটোৱে পলায়ন কৰাৰ বাবে পুনৰ ডিফু থানাত ৬৬৬/২০২১ নম্বৰত গোচৰ ৰুজো কৰি পুনৰ জেললৈ প্ৰেৰণ কৰা হয় ৷
No comments