Breaking News

চিলিণ্ডাৰ বিস্ফোৰণত ডিফুত ভয়াবহ অগ্নিকাণ্ড

ডিফু, ১০ ছেপ্তেম্বৰঃ আজি সন্ধিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি, আজি বিয়লি ডিফু হাস্পাতাল পথৰ এখন ফাষ্ট ফুড দোকানত হয় সংঘটিত হয় অগ্নিকাণ্ডটো ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডটো ৷ উক্ত অগ্নিকাণ্ডত ফাষ্ট ফুড দোকানখনকে ধৰি এখন গেলামাল দোকানো জ্বলি ভস্মীভূত হয় ৷ আনহাতে দোকানখনৰ সন্মুখত ৰখাই থোৱা দুখনকৈ স্কুটী জ্বলি ভষ্ম হৈ যায়। লগতে  গেলামাল দোকানখনৰ স্বত্ত্বাধিকাৰী অমৰ বে' আঘাত প্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷




No comments