ইলোৰা বিজ্ঞান মঞ্চ-নতুন সাহিত্য পৰিষদৰ সম্বৰ্ধনা জ্ঞাপন শ্ৰমিক নেতা মিহিৰ ভৰালীক
শিৱসাগৰ, ১৪ ছেপ্টেম্বৰঃ বিশিষ্ট শ্ৰমিক নেতা মিহিৰ ভৰালীক কালি গামোচা, সঁফুৰা, সম্বৰ্ধনা পত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ইলোৰা বিজ্ঞান মঞ্চ আৰু নতুন সাহিত্য পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে। লাকুৱাৰ ৰঙাগড়াত জন্মগ্ৰহণ কৰা মিহিৰ ভৰালীয়ে শ্বিলঙত মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰিছিল। ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মিহিৰ ভৰালীয়ে ইতিমধ্যে দেহদানৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। ব্ৰজেন ফুকনে আঁত ধৰা অনুষ্ঠানত শিক্ষাবিদ দিলীপ ফুকন, ড০ পূণ্যধৰ গগৈ, নিৰঞ্জন চেতিয়া, প্ৰতাপ চন্দ্ৰ দত্ত, ড০ যুগল খাৰঘৰীয়া, মুস্তাক আহমেদ, নিজৰা সন্দিকৈ ফুকন, জেহিৰুদ্দিন খানে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে মিতালী শৰ্মাই কবিতা পাঠ কৰে। অনুষ্ঠানত মিহিৰ ভৰালী আৰু সহধৰ্মিনী পূৰ্ণিমা ভৰালীয়েও মনৰ অনুভৱ ব্যক্ত কৰে।
No comments