Breaking News

চ’লান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড বিজেতা বকলীয়াঘাটৰ শিশু খেলুৱৈ পুৰথিমী ক্ৰ’পীক সম্বৰ্ধনা

বোকাজান, ১৫ ছেপ্টেম্বৰঃ কিছুদিন পূৰ্বে ৩৭ মিনিটত বাৰ কিঃমিঃ বৃত্তাকাৰে দৌৰি মাত্ৰ ৮ বছৰ বয়সতে ’ চ’লান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা বকলীয়াঘাটৰ শিশুকন্যা পুৰথিমী ক্ৰ’পীক আজি কাৰ্বি আংলং জিলা বিজেপিৰ জনজাতি মৰ্চাৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।এই উদ্দেশ্যে আজি বিয়লি বকলীয়াঘাটস্থিত জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত মৰ্চাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি লংছিং টকবিৰ সভাপতিত্বত আয়োজিত এক বিশেষ অনুষ্ঠানত শিশু খেলুৱৈগৰাকীক পহ’, খেলুৱৈৰ পোছাক, জোতা, অভিধান আদিৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাত ভাষণ প্ৰদান কৰি সভাপতি টকবিয়ে পুৰথিমী ক্ৰ’পীৰ দৰে  সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলক সঠিক নিৰ্দেশনাৰ জৰিয়তে আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।



No comments