শিৱসাগৰত ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
শিৱসাগৰ, ৩ ছেপ্তেম্বৰঃ আজি ৩ ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম স্থান শিৱসাগৰতো ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়।ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত তথা শিৱসাগৰবাসীৰ সহযোগত উদযাপন কৰা হয় ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। এই উপলক্ষে পুৱাই পতাকা উত্তোলনৰ পিছতে ঐতিহাসিক শিৱসাগৰ বৰ পুখুৰীৰ পাৰত শিখা লৈ সামূহিক দৌৰ অনুষ্ঠিত কৰাৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত ফুলাম গামোচা অৰ্পণেৰে শ্ৰদ্ধা জনায়। তদুপৰি স্বনামধন্য ক্ৰীড়াবিদ গৰাকীৰ সু স্বাস্থ্যৰ কামনা কৰে। উল্লেখযোগ্য যে, ১৯৪০ চনত জন্ম গ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত লাভ কৰিছিল সোণৰ পদক। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো বছৰি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে।
No comments