Breaking News

ঘৰৰ পৰা বিদায় ল'লে লাভলীনা বৰগোহাঁইয়েঃ বাংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হ'ল অসম গৌৰৱ লাভলীনা

ধনশিৰি, ৪ ছেপ্তেম্বৰঃ অশ্ৰুসিক্ত নয়নেৰে আজি ঘৰৰ পৰা বিদায় ল'লে লাভলীনা বৰগোহাঁইয়ে। বাংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ'ল অসম গৌৰৱ লাভলীনা । বাৰমুখীয়া গাৱৰ ঘৰখনৰ পৰা পিতৃসহ  ১১:৩০ বজাত ডিমাপুৰ বিমান বন্দৰলৈ ৰাওনা হয় লাভলীনা। ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰে বজ্ৰ কন্যাগৰাকী। বিদায় পৰত বাৰে বাৰে মাতৃ ভগ্নীক সাৱটি ধৰে লাভলীনাই। অসুষ্ঠ মাতৃয়ে চকুলু টুকি বিদায় দিয়ে নিজ কন্যাক। ইপিনে লাভলীনাক বিদায় দিবলৈ পুৱাই লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন । বিদায় পৰত লাভলীনাক বিধায়কজনে লাভলীনাৰ নামত নিৰ্মাণ হ'বলগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখুৱায়। নিৰ্মাণ হবলগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভত  আলোচনা কৰে লাভলীনাই বিধায়কজনৰ সৈতে। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই। ইপিনে বিধায়ক বিশ্বজিৎ ফুকনলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে লাভলীনাই টি চাৰ্ট, ট্ৰেকচুত আদি উপহাৰ প্ৰদান কৰে।




No comments