Breaking News

শিৱসাগৰৰ ৰজাবাৰীত ক'ভিড ভেকচিন প্ৰদান

শিৱসাগৰ, ০৭ আগষ্টঃ ক'ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে স্বাস্থ্য বিভাগে দেশৰ সকলো স্থানতে ক'ভিড ভেকচিন প্ৰদান কৰি আহিছে ৷  সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ ৰজাবাৰী দৰিকাঘাট গাওঁৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ত ক'ভিড ভেকচিন প্ৰদান কৰা হয় । শিৱসাগৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৰজাবাৰী গাওঁৰক্ষী বাহিনীৰ সহযোগত ক'ভিড টীকাকৰণৰ এক কাৰ্যসূচী হাতত লয় ৷ এই কাৰ্যসূচীত  ৰজাবাৰী গাওঁৰ লগতে ধাইআলি অঞ্চলৰ ২০০ জন ব্যক্তিক ভেকচিন প্ৰদান কৰা হয় ৷ এই অনুস্থানৰ শুভ আৰম্ভণী কৰে শিৱসাগৰ জিলা সদৰ থানাৰ চক্ৰ সংগঠক অবেন চন্দ্ৰ দাসে ৷ অনুষ্ঠানটি সুন্দৰভাৱে স্বাস্থ্য বিভাগৰ কৰ্মীসকলে পৰিচলনা কৰাৰ বাবে ধন্যবাদ জনাই ৰজাবাৰী গাওঁৰক্ষী বাহিনীয়ে সদস্যসকলে।



No comments