Breaking News

সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সৰুপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত নামভৰ্ত্তিৰ সহায়ক কেন্দ্ৰ মুকলি

ধনশিৰি, ৬ আগষ্টঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ মহাবিদ্যালয়ত সৰুপথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সৰুপথাৰ আঞ্চলিক চুতীয়া সন্থাৰ উদ্যোগত আজি এটা নামভৰ্ত্তিৰ সহায়ক কেন্দ্ৰ মুকলি কৰা হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আকাশ দাৱে জানিব দিয়া মতে, মহাবিদ্যালয়খনলৈ অহা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এই নামভৰ্ত্তি কেন্দ্ৰটো মুকলি কৰা হৈছে আৰু ধনশিৰি মহকুমাৰ বাহিৰলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে সৰুপথাৰস্থিত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেঁওলোকৰ উদ্যোগত সহায়ক কেন্দ্ৰ মুকলি কৰিছে। তেঁওলোকে এই কেন্দ্ৰৰ পৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে।



No comments