সামাজিক মাধ্যমত ভাইৰেল কিশোৰীৰ আপত্তিজনক ভিডিঅ': আটক দুজন
বোকাজান, ১৩ আগষ্টঃ এচাম অপৈণত কিশোৰ-কিশোৰীৰ হাতত মোবাইল ফোনৰ ভয়াৱহ অপব্যৱহাৰ তথা সামাজিক যোগাযোগৰ মাধ্যমসমূহৰ চূড়ান্ত অপপ্ৰয়োগে সমাজলৈ এক ভয়ংকৰ বিপদৰ আগজাননী কঢ়িয়াই অনাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত শেহতীয়াকৈ সংঘটিত এক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট অঞ্চলৰে এহাল কিশোৰ-কিশোৰীৰ মাজত গঢ় লৈ উঠা প্ৰেমৰ সম্পৰ্কৰ গইনা লৈ মোবাইলৰ ভিডিঅ’ কলৰ জৰিয়তে কিশোৰীগৰাকীৰ কেতবোৰ আপত্তিজনক ভিডিঅ’ৰ দৃশ্যাংশ কিশোৰগৰাকীয়ে মোবাইলত আৱদ্ধ কৰি ৰাখে। পিছলৈ দুয়োৰে সম্পৰ্কত ভাঙোন অহাৰ পিছতে কিশোৰগৰাকীৰ জৰিয়তে কিশোৰীগৰাকীৰ উক্ত আপত্তিজনক ভিডিঅ’ৰ দৃশ্যাংশ বিভিন্ন মাধ্যমত বিয়পি পৰিবলৈ আৰম্ভ কৰে। কালি এই বিষয়ে জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে লগে লগে বকলীয়াঘাট আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে উক্ত ঘটনাত জড়িত থকা কিশোৰগৰাকীৰ লগতে আন এজন কিশোৰক আটক কৰি থানালৈ আনে। সবিশেষ তদন্তৰ অন্তত দুয়োটা কিশোৰকে আজি ডিফুৰ শিশু অপৰাধ আদালত (জুভেনাইল জাষ্টিছ ব’ৰ্ড)লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে, শেহতীয়াকৈ অনলাইন পাঠ্যক্ৰম গ্ৰহণৰ বাবে বাধ্য হৈ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে নিজ সন্তানৰ হাতত মোবাইল ফোন তুলি দিবলগীয়া হোৱাৰ সুবিধা লৈ একাংশ কিশোৰ-কিশোৰী এনেদৰে বিপথগামী হোৱাৰ ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।

No comments