Breaking News

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক "ভাৰত যুৱ বঁটা" প্ৰদান

বোকাজান, ১৩ আগষ্টঃ নতুন দিল্লীৰ “ভাৰত গৌৰৱ এৱাৰ্ড ফাউণ্ডেশ্যন”ৰ উদ্যোগত প্ৰদান কৰি অহা “ভাৰত যুৱ বটাঁ” অসমৰ পৰা প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক প্ৰদান কৰা বাতৰিয়ে বিধায়কগৰাকীৰ গৃহজিলাত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বোকাজান বিধানসভা সমষ্টিৰ পৰা ক্ৰমাগতভাৱে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়কগৰাকীয়ে বিগত সময়ছোৱাত নিজস্ব কৰ্মদক্ষতাৰে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে বিধানসভাৰ উপাধ্যক্ষৰ আসনত উপবিষ্ট হোৱা বিধায়কগৰাকীলৈ দিল্লীস্থ সংস্থাটোৱে এক সন্মানজনক বটাঁ আগবঢ়োৱাৰ বাতৰি বিয়পি পৰাৰ পিছতে সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে  বিভিন্নজনে বিধায়কগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত বিধায়কগৰাকীয়ে ‘ভাৰত গৌৰৱ এৱাৰ্ড ফাউণ্ডেশ্যন’ৰ তৰফৰ পৰা প্ৰদান কৰা বটাঁ লাভ কৰি আনন্দিত হোৱা বুলি নিজা অনুভৱ প্ৰকাশ কৰাৰ লগতে এনে স্বীকৃতিয়ে অধিক কাম কৰি যোৱাৰ বাবে আগ্ৰহ বৃদ্ধি কৰিব বুলিও উপাধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বোকাজানৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে প্ৰথমটো কাৰ্যকালতে বিধায়কগৰাকীয়ে প্ৰায় তেৰশ কোটি টকাৰ উন্নয়নমূলক কাম-কাজ ৰূপায়ন কৰি বোকাজান সমষ্টিক ৰাজ্যখনৰ ভিতৰতে উন্নয়নৰ ক্ষেত্ৰত এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। আনহাতে বোকাজান সমষ্টিত অলপতে তিনিখনকৈ দহখন বিচনাযুক্ত হাস্পতাল নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি বিধায়গৰাকীয়ে জানিবলৈ দিছে। আনহাতে, বিধায়কৰ গুৰুদায়িত্বৰ মাজতো এগৰাকী সুদক্ষ বিশেষজ্ঞ চিকিৎসক হিচাপে বিগত সময়ছোৱাত বিধায়কগৰাকীয়ে সমষ্টিবাসীৰ মাজত নিৰন্তৰ চিকিত্সা সেৱা আগবঢ়াই অহা পৰিলক্ষিত হৈছে।




No comments