Breaking News

ঘৰুৱা কাজিয়াৰ বিষম পৰিণতিঃ বকলীয়াঘাটত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

বোকাজান, ১৭ জুলাইঃ- ঘৰুৱা সাধাৰণ কাজিয়াৰ বিষম পৰিণতিত আজি কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত স্বামীৰ দাৰ ঘাপত এগৰাকী মহিলা নিহত হোৱাৰ বাতৰি পোৱা গৈছে । ঘটনাৰ বিৱৰণ অনুসৰি বকলীয়াঘাট থানাৰ পৰা প্ৰায় ১৫ কিঃমিঃ নিলগৰ ক্লুৰডুঙৰ গৌৰ বস্তি নিবাসী লক্ষণ মুণ্ডা নামৰ লোকজনে আজি নিচেই পুৱাতে সাধাৰণ কোনো  ঘৰুৱা বিষয়ক কেন্দ্ৰ কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয়। কাজিয়াই চৰম ৰূপ ধাৰণ কৰাত খঙত কাণ্ডজ্ঞান হেৰুৱাই লক্ষণ মুণ্ডাই পত্নী জয়ন্তী মুণ্ডাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘাতক লক্ষণ মুণ্ডাই উক্ত স্থানৰ পৰা পলায়ন কৰে । ঘটনাৰ বিষয়ে জানিব পাৰি বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত ঘাতক লক্ষণ মুণ্ডাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত হত্যাকাৰীজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দাখন জব্দ কৰিবলৈ সক্ষম হৈছে।




No comments