ডিমা হাচাওত বুজন পৰিমাণৰ ভাংসহ যুৱক গ্ৰেপ্তাৰ
বোকাজান, ১৪ জুলাইঃ- শেহতীয়াকৈ ৰাজ্যজুৰি আৰক্ষীয়ে ব্যাপক হাৰত ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে আজি ডিমা হাচাও জিলাৰ মাহুৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ মাহুৰ থানাৰ অন্তৰ্গত লাইচঙৰ সমীপৱৰ্তী টুংজে পুংগ’ নামৰ গাঁওখনৰ এটা ঘৰত তালাচী চলাই ১৬ বস্তা ভাং জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ভাংখিনিৰ ওজন ১০১.১৯ কিঃগ্ৰাঃ । এই সন্দৰ্ভত আৰক্ষীয়ে গাঁওখনৰে কেহুনেমিং নেওমে নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা বৃহৎ পৰিমাণৰ ভাং যুৱকজনে নিজৰ ঘৰত মজুত কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে ।


No comments