ডিফুত সন্দেহযুক্ত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
বোকাজান, ১২ জুনঃ- অসম আৰক্ষীয়ে অসমক ড্ৰাগছমুক্ত কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে অভিযান চলাই থকাৰ মাজতে পাহাৰীয়া জিলাতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও সফলতা ৷ বিশেষকৈ অসম-নগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সফলতা লাভ কৰাৰ পিছত আজি জিলাখনৰ সদৰ চহৰ ডিফুতো আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, আজি দিনৰ ভাগত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফুৰ মাটিপুং পথৰ আৰব'ৰেটাম আৰ্ট ক্ৰাফ্ট চেণ্টাৰৰ সন্মুখৰ এটা ভাড়াঘৰত তালাচী চলাই ২৯ টা সন্দেহযুক্ত ড্ৰাগছৰ কেপচুল জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত ১৬ টা SAMPEX PLUS আৰু ১৩ টা SPASCORE VON PLUS কেপচুল বুলি জানিব পৰা গৈছে ৷ ধৃত লোকজন সন্তোষ সিং বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷


No comments