ডকমকাত শোকাৱহ পথ দূৰ্ঘটনাত নিহত এজন
বোকাজান, ১২ জুনঃ কাৰ্বি আংলং জিলাৰ ডকমকাত আজি সংঘটিত হোৱা এক শোকাৱহ পথ দূৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ থিতাতে নিহত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, আজি পুৱাৰ ভাগত উত্তৰ বৰবিলৰ সুজিত দেৱনাথ নামৰ লোকজনে উত্তৰ বৰবিলৰ পৰা নিজৰ এএছ-০১-ইএইছ-৮৯৪১ নম্বৰৰ মাৰুতি এছপ্ৰেছ' গাড়ীখন লৈ ডকমকা অভিমুখে আহি থকা অৱস্থাত একে দিশে গৈ থকা এএছ-০৯-এইছ-১৪৭৯ নম্বৰৰ মটৰ চাইকেল চালক মদনছিং ৰংফাৰ (৪৫) ক ডকমকা থং নকবে' মহাবিদ্যালয়ৰ সন্মুখত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত মদনছিং ৰংফাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ফলত ডকমকাৰ লুনচে তিমুং গাঁৱৰ বাসিন্দা মদনছিং ৰংফাৰে ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় ৷


No comments