ডিমা হাচাওত আছাম ৰাউফলছৰ অভিযানঃএনএছচিএন(আইএম) ৰ কেডাৰ আটক
বোকাজান, ২ জুনঃ পাহাৰীয়া জিলাকেইখনত শেহতীয়াকৈ উগ্ৰপন্থী সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা নিৰাপত্তাৰক্ষীয়ে কালি বিয়লি ডিমা হাচাও জিলাত অভিযান চলাই এনএছচিএন(আইএম) ৰ এজন দুৰ্ধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ লাইচঙত কালি ১১ নং আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে অভিযান চলাই উগ্ৰপন্থী সদস্যজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত উগ্ৰপন্থী সদস্যজন ডিমা হাচাও জিলাৰে কাপিল' গাঁৱৰ কিলানচংবা জেমি বুলি চিনাক্ত কৰা হৈছে। ২০১৫ চনতে নগা উগ্ৰপন্থী সংগঠনটোত যোগদান কৰা এই সদস্যগৰাকীয়ে বিগত সময়ছোৱাত সংগঠনটোৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আহিছিল। সম্প্ৰতি গাওঁবাসীৰ পৰা উগ্ৰপন্থী সংগঠনৰ হৈ ধন সংগ্ৰহৰ কামত উগ্ৰপন্থী সদস্যগৰাকী জড়িত আছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ধৃত উগ্ৰপন্থী সদস্যগৰাকীয়ে সমীপৰ গাওঁসমূহৰ প্ৰতিটো গৃহস্থীৰ পৰা ৫০ টকাকৈ সংগ্ৰহ কৰি নাগালেণ্ডৰ জালুখে নিবাসী জনৈক লুইহিম বে'ৰ হাতত মুঠ ৪২ হাজাৰ টকা জমা দিছিল ধৃত উগ্ৰপন্থী সদস্যজনক ইতিমধ্যে আৰক্ষীক চমজাই দিয়া হৈছে।
No comments