হোজাইত দুখীয়া পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ
হোজাই, ২ জুনঃ আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ হোজাই জিলাৰ সভাপতি বিনয় কলিতাৰ নেতৃত্বত হোজাই চহৰৰ কেইবাটাও ৱাৰ্ডত দুখীয়া পৰিয়ালসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো ক'ভিড মহামাৰীয়ে ব্যাপক ৰূপ ধাৰণ কৰাত বহু দুখীয়া পৰিয়ালৰ জীৱনৰ ওপৰত সংকট আহি পৰিছে । এই বিপদৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যেনে, চাউল, আলু, দাইল, চয়াবিন, মিঠাতেল, নিমখৰ লগতে মাস্ক আৰু ডেটল চাবোন বিতৰণ কৰে । দুখীয়া পৰিয়ালৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চাৰ হোজাইৰ উত্তৰ টাউন মণ্ডল, দক্ষিণ টাউন মণ্ডল, যোগীজান মণ্ডলৰ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।
No comments