Breaking News

ডিফু ৰে'ল ষ্টেশ্যনত সাংবাদিক-ৰে'ল কৰ্মীসকলৰ ক'ভিড ভেকছিন গ্ৰহণ

ডিফু, ২৮ মে':- কাৰ্বি আংলং জিলাত ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি সংবাদকৰ্মী আৰু ৰে'লকৰ্মীসকলে ডিফু ৰে'ল ষ্টেশ্যনত ক'ভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰে ৷ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ আবেদনৰ ভিত্তিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ক'ভিড-১৯ৰ সন্মূখৰ যুদ্ধা হিচাপে সংবাদ কৰ্মীসকলৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ক'ভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিয়ে। ডিফু ৰে'ল ষ্টেশ্যনৰ এটি উচ্চ শ্ৰেণীৰ জিৰণি কোঠাত সংবাদ কৰ্মীৰ লগতে ৰে'ল কৰ্মীসকলক উক্ত ভেকচিন প্ৰদান কৰা হয়। সংবাদ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত ষ্টেশ্যন মাষ্টাৰে কয় যে, ডিফু ৰে'ল ষ্টেশ্যনত ক'ভিড-১৯ ভেকচিন প্ৰদানৰ এইটো দ্বিতীয় শিবিৰ। এই শিবিৰত সংবাদ কৰ্মীৰ লগতে ৰে'ল কৰ্মীসকলে স্বেচ্ছাই অংশ গ্ৰহণ কৰি বিনা দ্বিধাই ক'ভিডৰ ভেকচিন গ্ৰহণ কৰি সৰ্বাত্মক সঁহাৰি জনোৱাৰ বাবে শিবিৰৰ উদ্দেশ্যে সফল হৈছে।



No comments