Breaking News

অসম-নগালেণ্ড সীমান্তৰ বালিজান খানবস্তিত খটখটী আৰক্ষীৰ অভিযানঃ হেৰ’ইন, নগদ ধনসহ তিনিজনক আটক

বোকাজান, ২৮ মে':- কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক গোপন খবৰৰ ভিত্তিত খটখটি আৰক্ষীয়ে অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিৰ বালিজান খানবস্তিত এক ড্ৰাগছ বিৰোধী অভিযান চলাই। উক্ত অভিযানত আৰক্ষীয়ে এটা গৃহৰ পৰা ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷ অভিযান কালত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীকেইটাৰ পৰা এটা প্লাষ্টিকৰ পেকেটত ২০.৯০ গ্ৰাম হেৰ’ইন, নগদ ৩ লাখ ৬০ হেজাৰ ৫ শ টকা, ১৪ টা মোবাইল ফোনৰ লগতে আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্ৰাগছ ব্যৱসায়ী তিনিটা ক্ৰমে বালিজান খানবস্তিৰ বাসিন্দা মনোৱাৰা বেগম, দিলদাৰ হুচেইন আৰু আনোৱাৰ হুচেইন বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া আৰু আৰক্ষীৰ এটা দলৰ সহযোগত চলা এই অভিযানত কৰায়ক্ত হোৱা তিনি ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে খটখটী থানাত ৮৮/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখি বুলি জানিব পৰা গৈছে। আনহাতে, সীমান্তৰ উক্ত এলেকাটোত একাংশ সন্দেহজনক নাগৰিকৰ সঞ্চালন আৰু অৱস্থানৰ জৰিয়তে ড্ৰাগছ, অবৈধ মাৰণাস্ত্ৰ আৰু বিভিন্ন অপৰাধজনিত ঘটনাৰে সমগ্ৰ অঞ্চলটোকে অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱেক্ষিত কৰি তুলিছে।





No comments