Breaking News

শিৱসাগৰত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰীঃ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি ড্ৰাগছ মাফিয়া জিম্পীৰ

শিৱসাগৰ, ৩১ মে’:- সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো শিৱসাগৰ আৰক্ষী প্ৰশাসনে যুৱ-প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিব পৰা বৰবিহ সদৃশ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছেশিৱসাগৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানলৈ ৰাইজৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। শনিবাৰে শিৱসাগৰৰ এটি সংগঠন আৰু ৰাইজৰ সহযোগত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই ড্ৰাগছ ব্যৱসায়ী যুৱকক আটক কৰাৰ পিছতে দেওবাৰে শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰৱ নগৰ অঞ্চলত ৰাইজে দুই ড্ৰাগছ সেৱনকাৰী যুৱকৰ লগতে আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক চমজাই দিয়ে। মইনা দে আৰু সুনিল টায়ে নামৰ দুই ড্ৰাগছ সেৱনকাৰী যুৱকৰ লগতে ড্ৰাগছ ব্যৱসায়ী মুস্তাক আহমেদ ওৰফে জিম্পীক ড্ৰাগছসহ আটক কৰি শিৱসাগৰ আৰক্ষীক চমজাই দিয়াৰ পিছতে আৰক্ষীয়ে জিম্পীৰ বাসগৃহ আৰু দোকানত অভিযান চলাই যদিও ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। শিৱসাগৰ বাবুপট্টিৰ ড্ৰাগছ ব্যৱসায়ী মুস্তাক আহমেদ ওৰফে জিম্পীয়ে বহুদিন ধৰি শিৱসাগৰৰ চহৰৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহতো নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল যদিও সদায় আৰক্ষীৰ চকুত ধূলি দি আৰক্ষীৰ জালৰ পৰা হাৰি গৈছিল।এক সপ্তাহৰ পূৰ্বে জিম্পীক ৰাইজে সন্দেহত আটক কৰি আৰক্ষীক চমজাই দিছিল যদিও কোনো তথ্য ফাদিল কৰিব নোৱাৰি আৰক্ষীয়ে এৰি দিবলৈ বাধ্য হৈছিল। কালি ৰাইজৰ সহযোগত শিৱসাগৰ আৰক্ষী হাতত হাতেলুটে ধৰা পৰাত ড্ৰাগছৰ ৰমৰমিয়া বেপাৰ ইতি পৰাৰ উমান পাড্ৰাগছ মাফিয়া জিম্পীয়ে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা প্ৰাত টাইমৰ সাংবাদিক আব্দুল নুৰ আলিক আৰক্ষীক খবৰ দি জালত পেলোৱাৰ অভিযোগ তুলি মুক্ত হৈ আহিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰেবৰ্তমান প্ৰাণৰ শংকাত ভোগা সাংবাদিকজনে ড্ৰাগছ মাফিয়া জিম্পীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ইয়াৰ সমান্তৰালকৈ ড্ৰাগছ মাফিয়া জিম্পীৰ বিৰুদ্ধে চলোৱা অভিযানত সহযোগিতা আগবঢ়োৱা বীৰ লাচিত সেনাৰ সদস্যসকলেও ড্ৰাগছ সৰবৰাহকাৰী জিম্পীয়ে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা সংক্ৰান্তত পৃথকে এজাহাৰ দাখিল কৰে ।  



No comments