বহিঃৰাজ্যত অসমীয়া যুৱকৰ মানৱতাৰ প্ৰোজ্জ্বল নিদৰ্শনঃ জটিল ৰোগত আক্ৰান্ত এগৰাকী পৰিচয়হীন অসমীয়া যুৱকঃ শুশ্ৰুষাত ব্যস্ত ৰিণ্টু গায়নঃ ধাৰ-ঋণ কৰি চিকিৎসা ব্যয়ৰ যোগাৰঃ অসম চৰকাৰলৈ সহায়ৰ আহ্বান
বোকাজান, ৩১ মে':- অসমত দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত স্ব-ৰাজ্যত কৰ্ম সংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হোৱা অসমৰ যুৱকসকলে বিভিন্ন সময়ত বহু নিৰ্যাতন তথা দুৰ্যোগৰ সন্মুখীন হৈ অহাৰ সময়তে শেহতীয়াকৈ তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত কৰ্মৰত অসমৰ এগৰাকী যুৱক কেইবাটাও জটিল ৰোগত অসুস্থ হৈ চিকিৎসালয়ত অকলশৰে মৃত্যুৰে যুঁজি থাকিবলগীয়া হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ পৰা গৈ সুদীৰ্ঘ দিন ধৰি হায়দৰাবাদৰ কোনো প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা অসমীয়া যুৱকজন শেহতীয়াকৈ নিজ কোঠাতে অসুস্থ হৈ পৰে। কোনো বন্ধু-বান্ধৱৰ অবিহনে নিজা কোঠাতে উদৰৰ ৰোগত ভুগি ভালেকেইটা দিন অসুস্থতাৰ মাজত কটোৱাৰ পিছত হায়দৰাবাদত কৰ্মৰত অসমৰ এগৰাকী যুৱকৰ তৎপৰতাত যোৱা তিনিদিন পূৰ্বে হায়দৰাবাদৰ হিমাগিৰি নামৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি অতি সংকটজনক অৱস্থাত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা যুৱকজনৰ দেহত ডেংগুৰ লক্ষণ থকাৰ লগতে শেহতীয়াকৈ যুৱকজনৰ বৃক্কতো সংক্ৰমণ হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে। বহিঃৰাজ্যত এক নিৰূপায় অৱস্থাত অসুস্থ হৈ পৰা যুৱকজনক অৱশেষত অসমৰ আন এগৰাকী যুৱক ৰিণ্টু গায়নে যোৱা চাৰিদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱাই। হায়দৰাবাদৰ হিমাগিৰি শীৰ্ষক ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত সম্প্ৰতি যুৱকজনৰ চিকিৎসা অব্যাহত আছে যদিও স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে মানসিক সুস্থিৰতা হেৰুৱাই পেলোৱা যুৱকজনে আনকি নিজৰ ঘৰ, পৰিয়াল আদিৰ সম্পৰ্কেও কোনো নিশ্চিত তথ্য প্ৰদান কৰিব নোৱাৰাত অসুস্থ যুৱকজনক লৈ সমস্যাত পৰিছে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা যুৱকজন। যুৱকজনে প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত উল্লেখ কৰা অনুসৰি, যুৱকজনৰ নাম ইন্দ্ৰজিৎ কলিতা বুলি উল্লেখ কৰাৰ লগতে পিতৃৰ নাম ৰাকেশ কলিতা আৰু মাতৃৰ নাম জুনু কলিতা বুলি উল্লেখ কৰিছে। যুৱকজনে নিজৰ ঘৰ গোৱাল চাপৰি শিলিখাগুৰিত বুলি উল্লেখ কৰিছে। যুৱকজনৰ ঘৰ লক্ষিমপুৰ অথবা ধেমাজিৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও সেই সন্দৰ্ভত কোনো তথ্য নিশ্চিত কৰিব পৰা হোৱা নাই। ইফালে বিগত চাৰিদিন ধৰি অসুস্থ যুৱকজনৰ অভিভাৱক হিচাপে চিকিৎসালয়খনত দিনে নিশাই কঠোৰ শ্ৰম কৰি অসুস্থ যুৱকজনৰ শুশ্ৰুষা কৰি অহা যুৱক ৰিণ্টু গায়নে যুৱকজনৰ পৰিয়ালৰ কোনো ঠিকনা নজনাৰ লগতে এই সন্দৰ্ভত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব নোৱাৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে। হায়দৰাবাদৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকগৰাকীয়ে নিজৰ কৰ্তব্যৰ মাজতে অচিনাক্ত অসমীয়া যুৱকজনৰ প্ৰতি মহানুভৱতা প্ৰদৰ্শন কৰি দিনে নিশাই সহায়ৰ হাত আগবঢ়াই আহিছে। অৱশ্যে, ইয়াৰ মাজতে অসমৰ অন্য দুজন যুৱকেও যথাসম্ভৱ সহায়ৰ হাত আগবঢ়াইছে যদিও ব্যক্তিগত খণ্ডত কৰ্মৰত এইসকল যুৱকৰ বাবে ইচ্ছা থাকিলেও অসুস্থ যুৱকজনৰ প্ৰতি বিশেষ সহায়ৰ বাবে সময়ৰ অভাৱ। ইফালে, ৰিণ্টু গায়নে জানিবলৈ দিয়া অনুসৰি, ব্যয়বহুল চিকিৎসাৰ বাবে যুৱকজনৰ দৈনিক চিকিৎসা ব্যয় কমেও প্ৰায় ২০ হাজাৰ টকা। বিভিন্ন জনৰ পৰা ধাৰ-ঋণ কৰি সম্প্ৰতি অচিনাক্ত অসমীয়া যুৱকজনৰ চিকিৎসা ব্যয়ৰ জোৰা মাৰি অহা হৈছে যদিও এই চিকিৎসা অধিক দীঘলীয়া হ'লে আৰ্থিক দিশতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতো এগৰাকী অসমীয়া হোৱাৰ বাবেই সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিচয়হীন আন এগৰাকী অসমীয়া যুৱকৰ সেৱাত ব্যস্ত থকা যুৱক ৰিণ্টু গায়নে যিকোনো উপায়েৰে হায়দৰাবাদৰ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি থকা অসমৰ এই যুৱকজনৰ পৰিচয় বিচাৰি উলিয়াবলৈ অসমবাসীক আহ্বান জনাইছে। লগতে সংকটজনক অৱস্থাত সম্প্ৰতি বহিঃৰাজ্যত চিকিৎসাধীন অৱস্থাত থকা যুৱকজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অসম চৰকাৰকো আহ্বান জনাইছে হায়দৰাবাদত কৰ্মৰত অসমৰ যুৱকসকলে। এই সন্দৰ্ভত যিকোনো তথ্যৰ বাবে ৯১৮২৬০৮৩৪৭ নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে। আনহাতে, বহিঃৰাজ্যত এগৰাকী পৰিচয়বিহীন অসমীয়া যুৱকক কেৱল মানৱতাৰ খাতিৰতে অন্য এগৰাকী অসমীয়া ৰিণ্টু গায়নে নিঃস্বাৰ্থ সেৱাৰে আজিৰ যান্ত্ৰিকতাৰ যুগতো মানৱতাৰ এক প্ৰোজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
No comments