Breaking News

পুনৰ ৰক্তাক্ত কাৰ্বি ভূমিঃ সন্দেহযুক্ত ডিএনএলএৰ গুলীত এজন নিহত

বোকাজান, ২০,মে':- অসম-নাগালেণ্ড সীমান্তত এতিয়া অস্ত্ৰৰ জনজননি ৷ পুনৰ ৰক্তাক্ত হ'ল কাৰ্বি ভূমি ৷ কালি নিশা সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ গুলীত নিহত হ'ল এজন লোক ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ধনশিৰিৰ দাউজিফাঙৰ সঞ্জয় ৰংহাঙৰ ঘৰত ৫-৬ জনীয়া সন্দেহযুক্ত উগ্ৰপন্থীৰ দল এটাই অনাধিকাৰ প্ৰৱেশ কৰি সঞ্জয় ৰংহাঙক ঘৰৰ পৰা বাহিৰলৈ মাতি নি জপনামুখতে গুলীয়াই হত্যা কৰে। ঘটনাৰ সম্ভেদ লাভ কৰি জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হয় ভয়ঙ্কৰ এম্বুশ। এম্বুশ্ব সময়তেই ধনশিৰি নদী পাৰ হৈ নগালেণ্ডত সোমাবলৈ চেষ্টা কৰা অৱস্থাত সীমান্তৰ দুটাকৈ স্থানত আৰক্ষী আৰু উগ্ৰপন্থী দলটোৰ মাজত সংঘটিত হয় সংঘৰ্ষ। সংঘৰ্ষত এজন উগ্ৰপন্থী আহত হোৱাৰ সন্দেহ প্ৰকাশ  কৰিছে আৰক্ষীয়ে। কিন্তু কি কাৰণত সঞ্জয় ৰংহাঙক হত্যা কৰা হ’ল সেই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য। সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে DNLA ৰ বিৰুদ্ধে অভিযান। যোৱা ১৫ মে'ত অসম-নগালেণ্ড সীমান্তৰ ধনশিৰি পথত এজন যুৱকক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পিছতে পুনৰ আন এজন লোক উগ্ৰপন্থীৰ গুলীত নিহত হোৱা ঘটনাই অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰিছে।



No comments